জলাতংক ৰোগৰ লক্ষণ

জলাতংক ৰোগৰ লক্ষণ

জলাতংক ৰোগৰ লক্ষণ:

কুকুৰে কামুৰিলে অৱহেলা কৰাটো মুঠেও উচিত নহয়। অকল কুকুৰেই নহয়, মেকুৰী, গাহৰি অথবা যিকোনো ঘৰচীয়া আৰু বনৰীয়া কৃদন্তী জন্তুৱে কামুৰিলে নাইবা আঁচুৰিলে ইয়াক এটা সামান্য ঘটনা বুলি অৱহেলা কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত ‘জলাতংক’ (Hydrophobia) নামৰ মাৰাত্মক ৰোগবিধ হ’ব পাৰে। জলাতংক ৰোগৰ ভয়াৱহতা ইমানেই বেছি যে মানুহৰ গাত এই ৰোগৰ লক্ষণ এবাৰ দেখা মানেই মৃত্যুজনৰ মৃত্যু এশ শতাংশ নিশ্চিত। 

এইবিধ ৰোগ হয় ‘ৰেবিজ’ নামৰ এবিধ মাৰাত্মক ভাইৰাছৰ পৰা। ভাইৰাছবিধ প্ৰধানকৈ কুকুৰ, কুকুৰনেচীয়া বাঘ, শিয়াল, হায়েনা আদি জন্তুৰ দেহত থাকে। এইবোৰ জন্তুৱে কামোৰা, আঁচোৰা আৰু চেলেকাৰ ফলত ভাইৰাছবিধ মানুহৰ দেহলৈ সংক্ৰমিত হয়।

ৰোগীৰ লক্ষণ –

প্ৰথম অৱস্থাত কামোৰা ঠাইখিনিত জলনি-পোৰণি হ’ব পাৰে। লাহে লাহে ব্যক্তিজনক জ্বৰ উঠিব পাৰে, মুৰৰ বিষ হ’ব পাৰে, মাংসপেশীৰ বিষ উঠিব পাৰে, মানুহজন অস্থিৰ হ’ব পাৰে, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে, হাত-ভৰি সংকোচন হ’ব পাৰে, বুকুৰ ধপধপনি বাঢ়িব পাৰে, শ্বাস-প্ৰশ্বাস খৰ হ’ব পাৰে, মুখেৰে লালতি ওলাব পাৰে। পাছত লেৰিংচৰ (Larynx) মাংসপেশীৰ সংকোচন হয়। ফলত উশাহ-নিশাহ লোৱা আৰু খোৱা-লোৱাত কষ্ট হয়। লেৰিঙৰ মাংসপেশীৰ সংকোচন ইমান তীব্ৰতৰ হয় যে ঠাণ্ডা পানী বা ঠাণ্ডা বতাহ লাগিলেও ইয়াত প্ৰভাৱ পৰে। আনকি কেতিয়াবা পানীৰ শব্দ  আৰু বতাহ বলাৰ শব্দ শুনিলেও ইয়াৰ সংকোচন হয়। পানী দেখিলেই অত্যধিক ভয় কৰে। সেই কাৰণে ইয়াক জলাতংক (জল+আতংক) ৰোগ বুলি কোৱা হয়।

ওপৰত উল্লেখ কৰা লক্ষণসমুহৰ এটাও যদি মানুহজনৰ দেহত দেখিবলৈ পোৱা যায়, তেনেহ’লে এইটো এশ শতাংশ নিশ্চিত যে মানুহজন জলাতংক ৰোগত আক্ৰান্ত হৈছে। আৰু এই লক্ষণ দেখা পোৱাৰ ২-১০ দিনৰ ভিতৰত ৰোগীজনৰ মৃত্যু নিশ্চিত।

প্ৰাথমিক চিকিৎসা

কুকুৰ, মেকুৰী অথবা যিকোনো জন্তুৱে কামোৰাৰ লগে লগে কামোৰা অংশ চাবোন বা ডেটলৰ সহায়ত চলিত (Runing Water) পানীৰে প্ৰায় ১৫- ৩০ মিনিট সময় ধুব লাগে। দংশনৰ ফলত হোৱা আঘাতৰ পৰিমাণ যদিহে বেছি হয়, তথাপি তাত বেণ্ডেজ আৰু চিলাই কৰিব দিনতকৈ বেছি জীয়াই থাকিব নোৱাৰে। যদিহে দহ দিনৰ ভিতৰত জন্তুটো নমৰে, ক’লৈকো গুচি নাযায় অথবা জলাতংক ৰোগৰ কোনো লক্ষণ দেখা নাযায়, তেনেহ’লে জন্তুটো জলাতংক ৰোগত আক্ৰান্ত বুলি ধৰা নহয়। তেনে ক্ষেত্ৰত কামোৰা মানুহজনৰ কোনো হানি-বিঘিনি নহয়। গতিকে যিকোনো জন্তুৱে কামুৰিলেই জলাতংক ৰোগ হ’ব, তেনে ধাৰণাও সত্য নহয়।

প্ৰতিষেধক ছিটা

প্ৰথম শ্ৰেণীৰ আঘাতৰ ক্ষেত্ৰত কামোৰাৰ লগে লগে তিনি দিনৰ ভিতৰত চিকিৎসালয় আৰু দোকানত উপলব্ধ ‘ৰেবিজ প্ৰতিষেধক ছি’টা ল’ব লাগে। এমাহৰ ভিতৰত ০,৩,৭,১৪ আৰু ২৮ বা ৩০ দিনৰ দিনা এই ছিটা লগাব লাগে। সম্ভৱ হ’লে ৯০ দিনৰ দিনা এটা ‘বুষ্টাৰ ড’জ’ (Booster Dose) লগাব লাগে। এই সুচী মতে লোৱা প্ৰতিষেধক ছিটাৰ কাৰ্যক্ষমতা পাঁচ বছৰ বুলি ধৰা হয়।

দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দংশন বা আঘাতৰ বাবে লগে লগে ৰেবিজ ভাইৰাছ শ্বংস কৰি পেলাব পৰা ‘ৰেবিজ ইমিন’ গ্ল’বলিন’ (Immunoglobulin)নামৰ ছিটাবিধ লগাব লাগে। বিশেষকৈ তৃতীয় শ্ৰেণীৰ দংশনৰ ক্ষেত্ৰত অকল ৰেবিজ প্ৰতিষেধক ছিটাই কাম নিদিয়ে।

চিৰিয়াখানা, পশু চিকিৎসালয় বা আন যিকোনো ক্ষেত্ৰত পশুৰ লগত জড়িত লোকসকলে জন্তুৱে দংশন কৰাৰ আগতেই প্ৰতিষেধক ছিটা লোৱাটো জৰুৰী। সেই নিয়ম অনুসৰি ০,৭ আৰু ২৮ দিনৰ দিনা তিনিটা প্ৰতিষেধক লগালে জলাতংক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

প্ৰতিৰোধেই জলাতংক ৰোগৰ একমাত্ৰ আৰু অন্তিম উপায়। গতিকে জনসাধাৰণ এই ক্ষেত্ৰত সচেতন হোৱাটো অত্যন্ত জৰুৰী।


Related Posts