কুকুৰে কি কি খায়?

কুকুৰে কি কি খায় ?

কুকুৰে কি কি খায়?

“কুক্কুৰ, শৃগাল, গৰ্দ্দভৰো আত্মাৰাম।
জানিয়া সবাকো পৰি কৰিবা প্ৰণাম।”

আজিকালি প্ৰায়ভাগ মানুহেই কুকুৰ পোহাটো পৰিলক্ষিত হৈছে৷ সচৰাচৰ স্থানীয় কুকুৰৰ বাহিৰেও বহিৰাগত বিভিন্ন প্ৰজাতিৰ কুকুৰ মানুহে প্ৰতিপালন কৰি আহিছে৷ কুকুৰ প্ৰভুভক্ত হোৱাৰ লগতে সহজে পোহ মনা বিধৰ বাবে ইয়াক সৰু ল’ৰা-ছোৱালীয়েও সহজে আঁকোৱালি লয়৷ ই নৈশ প্ৰহৰী হিচাপে আমাক সুৰক্ষা দিয়ে৷ বিভিন্ন প্ৰজাতিৰ ভিতৰত মানুহৰ ঘৰত দেখিবলৈ পোৱা কুকুৰৰ জাতবোৰ হ’ল– এলচিচিয়ান, লেব্ৰাডগ, জাৰ্মান চেফাৰ্ড, ৰটৱেলাৰ, ড’বাৰমেন, পাগ আদি৷ এই পোহনীয়া জন্তুবিধ সযতনে ৰাখিবলৈ ইয়াৰ স্বাস্থ্যৰ যতন লোৱাটো অতিকে আৱশ্যক৷ বিশেষকৈ খোৱা-লোৱাৰ ক্ষেত্ৰত যথেষ্ট সাৱধানতা লোৱাৰ প্ৰয়োজন আছে৷ 

 কুকুৰক খাদ্যৰ ক্ষেত্ৰত অতি সহজে হজম হোৱা, পুষ্টিকাৰক, ৰুচিকাৰক খাদ্য দিয়া উচিত৷ হাড় আৰু মাছ কুকুৰৰ সৰু পোৱালিক দিয়াটো একেবাৰে অনুচিত৷ গাখীৰ কুকুৰ আৰু পোৱালিৰ কাৰণে অতি উত্তম খাদ্য৷ কুকুৰক কেঁচা মুৰ্গীৰ মাংস কেতিয়াও দিব নালাগে, কাৰণ ইয়াৰ ফলত ইহঁত অন্তঃপৰজীৱীৰ পৰা আক্ৰান্ত হ’ব পাৰে৷ ইহঁতৰ খাদ্যৰ লগত নিয়মিত খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ আদি যোগান ধৰাটো প্ৰয়োজন৷

কুকুৰৰ গৰাকীৰ কুকুৰৰ খাদ্য বা আহাৰৰ প্ৰয়োজনীয় পুষ্টিকাৰক দ্ৰব্য সম্পৰ্কে জ্ঞান থকা উচিত| মাংস কুকুৰৰ আহাৰৰ ভিতৰত আটাইতকৈ লাগতিয়াল উপাদান| মঙহাল মাংসত প্ৰয়োজনীত প্ৰ’টিন, চৰ্বি আৰু খাদ্যপ্ৰাণ খ’ থাকে কম আৰু পৰিমাণে কেলচিয়াম আৰু খাদ্যপ্ৰাণ ক’ থাকে| কেঁচা মাংস কুকুৰৰ অতি উপযোগী আৰু ৰুচিকাৰক খাদ্য| কিন্তু এই খাদ্য অতি সুবিধাজনক নহয় কিয়নো কেঁচা মাংসত কুকুৰৰ কৃমি, পুঁজকোষ, বিষাক্ত দ্ৰব্য আৰু অনিষ্টকাৰী অনুজীৱ থাকে| গতিকে কুকুৰক মাংস ৰান্ধি দিয়া উচিত| ইহঁতৰ শৰীৰৰ ওজনৰ লগত সংগতি ৰাখি আহাৰ যোগান ধৰিব লাগে| তলত এখন তালিকা দিয়া হ’ল:

কুকুৰৰ ওজন দৈনিক প্ৰয়োজনীয় আহাৰ
২.৫ কেজি  ২৫০ গ্ৰাম
৫.০ কেজি ৪৫০ গ্ৰাম
১০.০ কেজি ৬৫০ গ্ৰাম
১৫.০ কেজি ৯০০ গ্ৰাম
২০.০ কেজি ২০.০ কেজি   
৩০.০ কেজি ১ কেজি ৫৫০ গ্ৰাম

কুকুৰৰ আহাৰ সম্পৰ্কে কেইটামান জানিবলগীয়া কথা তলত দিয়া হ’ল-

  • অতি সহজে হজম হোৱা, পুষ্টিকাৰক, ৰুচিকাৰক খাদ্য দিয়া উচিত|
  • হাড় আৰু মাছ সৰু পোৱালীক দিয়া উচিত নহয়, এইবোৰে খাদ্য পাচন যন্ত্ৰত আঘাত কৰিব পাৰে|
  • কেঁচা মূৰ্গীৰ মাংস কেতিয়াও দিব নালাগে-কাৰণ, ইয়াৰ ফলত কুকুৰবোৰ অন্ত: পৰজীৱিৰ পৰা আক্ৰান্ত হ’ব পাৰে|
  • আমি ইহঁতৰ আহাৰত কেঁচা গাহৰি বা গৰুৰ মাংস বাদ দিয়া উচিত আৰু ফিটা পেলুৰ বা ইহঁতৰ বচোৱা উচিত|
  • খোৱাৰ ৰুচ বৰ্দ্ধনৰ বাবে আমি আহাৰৰ পৰিৱৰ্ত্তন মাজে সময়ে কৰিব লাগে|
  • গাখীৰ কুকুৰ আৰু পোৱালীৰ কাৰণে অতি উত্তম খাদ্য|
  • অসুস্থ কুকুৰক খাদ্য যোগান ধৰাৰ আগতে পশু-চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত|

ইয়াৰ উপৰিও ইহঁতৰ খাদ্যৰ লগত নিয়মিত খনিজ পদাৰ্থ, খাদ্যপ্ৰাণ আদিৰ যোগান ধৰা প্ৰয়োজন|


Related Posts