কুকুৰে কামুৰিলে কি কি খাব নালাগে?

কুকুৰে কামুৰিলে কি কি খাব নালাগে?

কুকুৰে কামুৰিলে কি কি খাব নালাগে?

কুকুৰে কামুৰিলে অৱহেলা কৰাটো মুঠেও উচিত নহয়। অকল কুকুৰেই নহয়, মেকুৰী, গাহৰি অথবা যিকোনো ঘৰচীয়া আৰু বনৰীয়া কৃদন্তী জন্তুৱে কামুৰিলে নাইবা আঁচুৰিলে ইয়াক এটা সামান্য ঘটনা বুলি অৱহেলা কৰা উচিত নহয়। কাৰণ ইয়াৰ ফলত ‘জলাতংক’ (Hydrophobia) নামৰ মাৰাত্মক ৰোগবিধ হ’ব পাৰে। জলাতংক ৰোগৰ ভয়াৱহতা ইমানেই বেছি যে মানুহৰ গাত এই ৰোগৰ লক্ষণ এবাৰ দেখা মানেই মৃত্যুজনৰ মৃত্যু এশ শতাংশ নিশ্চিত। অৱশ্যে কামোৰাৰ লগে লগে যদি ‘কবিৰাজ’ বা বেজ’ৰ কাষলৈ যোৱাৰ পৰিৱৰ্তে চিকিৎসকৰ কাষলৈ যায়, তেনেহ’লে মৃত্যুমুখত নপৰাটোও এশ শতাংশ নিশ্চিত থাকে। সেইবাবে এইবিধ ৰোগৰ প্ৰতিকাৰতকৈ প্ৰতিৰোধৰ গুৰুত্ব বেছি।

ৰেবিজ ৰোগ কি?, কুকুৰে কামুৰিলে কি কি খাব নালাগে?

ৰেবিজ ৰোগ কি?

Rabies is a deadly virus that spreads to people from the saliva of infected animals, typically through bites. Common carriers include bats, coyotes, foxes, raccoons, skunks, and in many developing countries, stray dogs.

Once symptoms appear, rabies is almost always fatal, which is why immediate medical attention and vaccination are crucial if you suspect exposure. Symptoms can start with flu-like signs such as fever and headache, and progress to more severe symptoms like confusion, agitation, hallucinations, and paralysis.

এইবিধ ৰোগ হয় ‘ৰেবিজ’ নামৰ এবিধ মাৰাত্মক ভাইৰাছৰ পৰা। ভাইৰাছবিধ প্ৰধানকৈ কুকুৰ, কুকুৰনেচীয়া বাঘ, শিয়াল, হায়েনা আদি জন্তুৰ দেহত থাকে। এইবোৰ জন্তুৱে কামোৰা, আঁচোৰা আৰু চেলেকাৰ ফলত ভাইৰাছবিধ মানুহৰ দেহলৈ সংক্ৰমিত হয়। এইবোৰ জন্তুৰ দেহলৈ ভাইৰাছবিধৰ সংক্ৰমণ কেনেকৈ হ’ল তাৰ সঠিক তথ্য পোৱা নাযায়। খ্ৰী:পু: ২০০০ মানৰ পৰাই এই ৰোগবিধৰ বিষয়ে জানিব পৰা গৈছে। মানৱ দেহত এই ৰোগৰ অৱস্থিতিৰ কথা প্ৰথম পোহৰলৈ আহে খ্ৰী:পু: ২৩০০ ত ইজিপ্তত। ১৬ শ শতিকাত ইটালিৰ বিখ্যাত চিকিৎসক – Gireolamo Francestoro এ আৱিষ্কাৰ কৰে যে জলাতংক ৰোগৰ কোনো চিকিৎসা নাই। ১৮৮৫ চনত ফ্ৰান্সৰ প্ৰখ্যাত বায়’লজিষ্ট লুই পেষ্টুৰে প্ৰথম জলাতংক ৰোগৰ প্ৰতিষেধক ছিটা আৱিষ্কাৰ কৰে।

২০১৫ চনৰ এক সমীক্ষা মতে, সমগ্ৰ বিশ্বত বছৰি প্ৰায় ৫৯,০০০ জন এই ৰোগৰ ফলত মৃত্যু হয়। ইয়াৰ প্ৰায় ৯৫ শতাংশ লোকৰ মৃত্যু হয়। ইয়াৰ প্ৰায় ৯৫ শতাংশ লোকৰ মৃত্যু হয় আফ্ৰিকা আৰু ভাৰতবৰ্ষত। ভাৰতত বছৰি প্ৰায় ২০৮৪৭ জনৰ মৃত্যু হয়। ইয়াৰ ৩০-৬০ শতাংশ লোকেই ১৫ বছৰ তলৰ ব্যক্তি। বিশ্বৰ প্ৰায় ১৫০ খন দেশত এই ৰোগ ধৰা পৰিছে। আমেৰিকাত কিন্তু এই ৰোগ কুকুৰতকৈ বাদুলীৰ পৰাহে অধিক সংক্ৰমিত হয়। তাৰে প্ৰায় ৯৫ শতাংশ জলাতংক ৰোগেই গুহাত থকা বাদুলীৰ পৰা হয়। একেদৰে আফ্ৰিকাৰ ট্ৰিনিদাদ এণ্ড টবেগ’ত কৃদন্তী জন্তুৰ উপৰি বাদুলীৰ পৰা এই ৰোগৰ সংক্ৰমণ হয়।

প্ৰথম অৱস্থাত কামোৰা ঠাইখিনিত জলনি-পোৰণি হ’ব পাৰে। লাহে লাহে ব্যক্তিজনক জ্বৰ উঠিব পাৰে, মুৰৰ বিষ হ’ব পাৰে, মাংসপেশীৰ বিষ উঠিব পাৰে, মানুহজন অস্থিৰ হ’ব পাৰে, ৰক্তচাপ বৃদ্ধি হ’ব পাৰে, হাত-ভৰি সংকোচন হ’ব পাৰে, বুকুৰ ধপধপনি বাঢ়িব পাৰে, শ্বাস-প্ৰশ্বাস খৰ হ’ব পাৰে, মুখেৰে লালতি ওলাব পাৰে। পাছত লেৰিংচৰ (Larynx) মাংসপেশীৰ সংকোচন হয়। ফলত উশাহ-নিশাহ লোৱা আৰু খোৱা-লোৱাত কষ্ট হয়। লেৰিঙৰ মাংসপেশীৰ সংকোচন ইমান তীব্ৰতৰ হয় যে ঠাণ্ডা পানী বা ঠাণ্ডা বতাহ লাগিলেও ইয়াত প্ৰভাৱ পৰে। আনকি কেতিয়াবা পানীৰ শব্দ  আৰু বতাহ বলাৰ শব্দ শুনিলেও ইয়াৰ সংকোচন হয়। পানী দেখিলেই অত্যধিক ভয় কৰে। সেই কাৰণে ইয়াক জলাতংক (জল+আতংক) ৰোগ বুলি কোৱা হয়।

ওপৰত উল্লেখ কৰা লক্ষণসমুহৰ এটাও যদি মানুহজনৰ দেহত দেখিবলৈ পোৱা যায়, তেনেহ’লে এইটো এশ শতাংশ নিশ্চিত যে মানুহজন জলাতংক ৰোগত আক্ৰান্ত হৈছে। আৰু এই লক্ষণ দেখা পোৱাৰ ২-১০ দিনৰ ভিতৰত ৰোগীজনৰ মৃত্যু নিশ্চিত।

প্ৰাথমিক চিকিৎসা

কুকুৰ, মেকুৰী অথবা যিকোনো জন্তুৱে কামোৰাৰ লগে লগে কামোৰা অংশ চাবোন বা ডেটলৰ সহায়ত চলিত (Runing Water) পানীৰে প্ৰায় ১৫- ৩০ মিনিট সময় ধুব লাগে। দংশনৰ ফলত হোৱা আঘাতৰ পৰিমাণ যদিহে বেছি হয়, তথাপি তাত বেণ্ডেজ আৰু চিলাই কৰিব দিনতকৈ বেছি জীয়াই থাকিব নোৱাৰে। যদিহে দহ দিনৰ ভিতৰত জন্তুটো নমৰে, ক’লৈকো গুচি নাযায় অথবা জলাতংক ৰোগৰ কোনো লক্ষণ দেখা নাযায়, তেনেহ’লে জন্তুটো জলাতংক ৰোগত আক্ৰান্ত বুলি ধৰা নহয়। তেনে ক্ষেত্ৰত কামোৰা মানুহজনৰ কোনো হানি-বিঘিনি নহয়। গতিকে যিকোনো জন্তুৱে কামুৰিলেই জলাতংক ৰোগ হ’ব, তেনে ধাৰণাও সত্য নহয়।

প্ৰতিষেধক ছিটা:

প্ৰথম শ্ৰেণীৰ আঘাতৰ ক্ষেত্ৰত কামোৰাৰ লগে লগে তিনি দিনৰ ভিতৰত চিকিৎসালয় আৰু দোকানত উপলব্ধ ‘ৰেবিজ প্ৰতিষেধক ছি’টা ল’ব লাগে। এমাহৰ ভিতৰত ০,৩,৭,১৪ আৰু ২৮ বা ৩০ দিনৰ দিনা এই ছিটা লগাব লাগে। সম্ভৱ হ’লে ৯০ দিনৰ দিনা এটা ‘বুষ্টাৰ ড’জ’ (Booster Dose) লগাব লাগে। এই সুচী মতে লোৱা প্ৰতিষেধক ছিটাৰ কাৰ্যক্ষমতা পাঁচ বছৰ বুলি ধৰা হয়।

দ্বিতীয় আৰু তৃতীয় শ্ৰেণীৰ দংশন বা আঘাতৰ বাবে লগে লগে ৰেবিজ ভাইৰাছ শ্বংস কৰি পেলাব পৰা ‘ৰেবিজ ইমিন’ গ্ল’বলিন’ (Immunoglobulin)নামৰ ছিটাবিধ লগাব লাগে। বিশেষকৈ তৃতীয় শ্ৰেণীৰ দংশনৰ ক্ষেত্ৰত অকল ৰেবিজ প্ৰতিষেধক ছিটাই কাম নিদিয়ে।

চিৰিয়াখানা, পশু চিকিৎসালয় বা আন যিকোনো ক্ষেত্ৰত পশুৰ লগত জড়িত লোকসকলে জন্তুৱে দংশন কৰাৰ আগতেই প্ৰতিষেধক ছিটা লোৱাটো জৰুৰী। সেই নিয়ম অনুসৰি ০,৭ আৰু ২৮ দিনৰ দিনা তিনিটা প্ৰতিষেধক লগালে জলাতংক ৰোগৰ পৰা হাত সাৰি থাকিব পাৰি।

প্ৰতিৰোধেই জলাতংক ৰোগৰ একমাত্ৰ আৰু অন্তিম উপায়। গতিকে জনসাধাৰণ এই ক্ষেত্ৰত সচেতন হোৱাটো অত্যন্ত জৰুৰী। এই ক্ষেত্ৰত চৰকাৰ, স্বাস্থ্য বিভাগ আৰু বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠান-প্ৰতিষ্ঠানে জনসাধাৰণৰ মাজত সজাগতা ব্ৰিদ্ধিৰ কাৰণে কাৰ্যসুচী ৰুপায়ণ কৰাৰ প্ৰয়োজন আছে। মন কৰিব লগীয়া যে নিজিলেণ্ড, স্কটলেণ্ড, চুইডেন, অষ্ট্ৰেলিয়া, জাপান, নৰৱে আদি দেশৰ চৰকাৰৰ নেৰানেপেৰা প্ৰচেষ্টাত সেইবোৰ দেশ আজি ‘ৰেবিজমুক্ত দেশ’ হিচাপে চিহ্নিত হৈছে। ভাৰতৰ ছিকিম, গোৱা, নাগালেণ্ড, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লাক্ষাদ্বীপ ‘ৰেবিজমুক্ত’ ঠাইৰুপে ঘোষিত হৈছে।

প্ৰতিবছৰে ২৮ ছেপ্টেম্বৰৰ দিনটো ‘বিশ্ব ৰেজি দিৱস’ হিচাপে পালন কৰা হয়। আহক আমি সকলোৱে মিলি সমুহীয়া প্ৰচেষ্টাৰে আমাৰ দেশ ভাৰতবৰ্ষক ‘ৰেবিজ মুক্ত দেশ’ৰুপে গঢ়ি তোলো।


Related Posts