Q: কুকুৰৰ পৰা কি কি উপকাৰ হয়?
কুকুৰৰ পৰা পোৱা উপকাৰসমূহ হ’ল:
পোহনীয়া জন্তু এটা ৰখাটোৱে নিজৰ লগত অপৰিসীম আনন্দ আৰু নতুন শিক্ষণ অভিজ্ঞতা আনে। আৰু যেতিয়া পোহনীয়া কুকুৰ এটা থকাৰ কথা আহে, তেতিয়া ই সংগীকে ধৰি অসংখ্য সুবিধা আনে, কিয়নো তেওঁলোক নিজৰ আনুগত্য আৰু নিঃচৰ্ত প্ৰেমৰ বাবে পৰিচিত। কুকুৰে খোজ কঢ়া আৰু খেলাৰ জৰিয়তে শাৰীৰিক কাৰ্য্যকলাপক উৎসাহিত কৰে, যাৰ ফলত সুস্থ জীৱনশৈলীৰ প্ৰসাৰ ঘটে। ইয়াৰ উপৰিও আৱেগিক সহায় আগবঢ়ায়, মানসিক চাপ আৰু নিসংগতা হ্ৰাস কৰে। কুকুৰৰ সৈতে থকা বন্ধনে সামাজিক যোগাযোগ বৃদ্ধি কৰিব পাৰে আৰু দায়িত্ববোধৰ সৃষ্টি কৰিব পাৰে। ইয়াত আমি পোহনীয়া কুকুৰ থকাৰ কিছুমান বৈজ্ঞানিকভাৱে প্ৰমাণিত উপকাৰৰ তালিকা প্ৰস্তুত কৰিছো।
শেহতীয়াকৈ PLOS ONE আলোচনীত প্ৰকাশিত এক অধ্যয়নত গৱেষকসকলে অধ্যয়ন কৰিছে যে প্ৰকৃত কুকুৰ আৰু একে আকাৰ আৰু আকৃতিৰ ষ্টাফড কুকুৰক কোলাত লৈ আমাৰ মগজুত কেনে প্ৰভাৱ পৰে। অধ্যয়ন অনুসৰি, প্ৰকৃত কুকুৰক পেটিং কৰিলে এজনৰ ফ্ৰন্টাল কৰ্টেক্স– মগজুৰ সেই অংশ যিটো আমি কেনেকৈ ভাবো আৰু অনুভৱ কৰো সেইটো নিৰ্ণয় কৰাত গুৰুত্বপূৰ্ণ। এইদৰে এই অধ্যয়নে প্ৰমাণ দিয়ে যে মানুহ-প্ৰাণীৰ পাৰস্পৰিক ক্ৰিয়াই মগজুৰ আৱেগিক আৰু জ্ঞানমূলক কাৰ্য্যকলাপ বৃদ্ধি কৰিব পাৰে।
“আমি ফ্ৰন্টাল কৰ্টেক্সৰ অনুসন্ধান কৰিবলৈ বাছি লৈছিলো কাৰণ মগজুৰ এই অংশটো কেইবাটাও কাৰ্যবাহী কাৰ্য্যৰ সৈতে জড়িত, যেনে মনোযোগ, কৰ্ম স্মৃতিশক্তি, আৰু সমস্যা সমাধান। কিন্তু ই সামাজিক আৰু আৱেগিক প্ৰক্ৰিয়াৰ সৈতেও জড়িত।’- চিএনএনক এইদৰে কয় ৰাহেল মাৰ্টিয়ে। মাৰ্টি এই অধ্যয়নৰ মুখ্য লেখক আৰু তেওঁ ছুইজাৰলেণ্ডৰ বেচেল বিশ্ববিদ্যালয়ৰ ক্লিনিকেল চাইক’লজী আৰু পশু সহায়ক হস্তক্ষেপ বিভাগৰ ডক্টৰেট ডিগ্ৰীৰ ছাত্ৰও।
এটা নতুন অধ্যয়নত আৱিষ্কাৰ কৰা হৈছে যে পোহনীয়া জন্তু এটা ৰখাটোৱে– সেয়া চৰাই হওক, শহাপহু হওক, মাছ হওক, মেকুৰী হওক, কুকুৰ হওক, ইত্যাদি– মানুহৰ স্মৃতিশক্তি হেৰুৱা আৰু অন্যান্য ধৰণৰ জ্ঞানশক্তিৰ অৱনতিৰ ক্ষেত্ৰত বিলম্ব ঘটাব পাৰে। গৱেষণাৰ মতে ই মানুহৰ মৌখিক স্মৃতিশক্তি বৃদ্ধিতো সহায় কৰিছিল। অধিক বিৱৰণ শ্বেয়াৰ কৰি অধ্যয়নটোৰ প্ৰথম লেখিকা জেনিফাৰ এপলবামে চিএনএনক কয়, “আমাৰ জ্ঞাত মতে আমাৰ অধ্যয়নটোৱেই হৈছে জ্ঞানমূলক স্বাস্থ্যৰ ওপৰত পোহনীয়া জন্তুৰ মালিকীস্বত্বৰ সময়সীমাৰ প্ৰভাৱৰ বিষয়ে বিবেচনা কৰা প্ৰথমটো।” এই অধ্যয়নত কেৱল কুকুৰক পোহনীয়া জন্তু হিচাপে ৰখাত সীমাবদ্ধ নাছিল যদিও ইয়াৰ পৰা দেখা গৈছে যে পোহনীয়া জন্তু হিচাপে কুকুৰ আৰু মেকুৰী মানুহৰ মাজত অধিক প্ৰচলিত।
ক্লিনিকেল নিউৰ’ইমিউন’লজিষ্ট ডাঃ টিফানী ব্ৰেলীয়ে কয় যে, ‘পাঁচ বছৰ বা তাতকৈ অধিক সময় ঘৰুৱা পোহনীয়া জন্তুৰ মালিক হোৱাটোৱে আটাইতকৈ বেছি লাভৱান হৈছিল, যাৰ ফলত পোহনীয়া জন্তু নথকা লোকৰ জ্ঞান হ্ৰাসৰ হাৰৰ তুলনাত অধ্যয়নৰ ছয় বছৰৰ সময়ছোৱাত ১.২ পইণ্ট পলম হৈছিল মিচিগান বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানৰ অধ্যাপক|